বাক্ সংহতি- Expression in Single Word in Assamese

এটা শব্দত প্ৰকাশ কৰা বা বাক্য সঙ্কোচন

Expression in Single Word in Assamese

বাক্ সংহতি- Expression in Single Word in Assamese

Here is a list of some "Expression in Single Word" in Assamese Language for School Student, CTET, ATET (AssamTET for LP, UP, High School) aspirants or who are seeking example for Expression in single word in assamese language.
তলত কিছুমান বা্ক সংহতি বা এটা শব্দত প্ৰাকাশ কৰাৰ উদাহৰণ দিয়া হৈছে। উদাহৰণ বিলাক আপোনাৰ  CTET, ASSAM TET (ATET -UP, LP, High School) ইত্যাদি সকলোতে ব্যৱহাৰ হোৱাকৈ দিয়া হৈছে।

👉👉 জতুৱা ঠাঁ‌চ - Idioms in Assamese - click

বা্ক সংহতি বিলাক তিনিটা ভাগত ভাগ কৰা হৈছে-
These examples are devided into three section, namely -

  • Easy (সহজ)
  • Medium (মধ্যমিয়া)
  • Hard (জতিল)

 প্ৰথমতে জানো আহক বাক্ সংহতি কি?

অৰ্থৰ কোনো হানি-বিঘিনি নঘটোৱাকৈ কিছুমান বাক্যাংশৰ অৰ্থ মাথোন এটা শদ্বত প্ৰকাশ কৰিব পাৰি। তাকে বাক সংহতি বা কথা সংক্ষেপকৰণ বোলা হয়। তলত কেইটামান বাক্ সংহতিৰ উদাহৰণ দিয়া হ'ল --

EASY - সহজ - বা্ক সংহতি
  • যাক সহজে লাভ কৰা যায় -- সুলভ।
  • যাক সহজতে লাভ কৰিব নোৱাৰি -- দুৰ্লভ, দুষ্প্ৰাপ্য।
  • ঘাঁ‌হেৰে ভৰি থকা ঠাই -- ঘাঁ‌হনি।
  • শাকেৰে ভৰি থকা ঠাই -- শাকনি।
  • যি জন্তু ঘৰত পোহা হয় -- ঘৰচীয়া।
  • যি আনৰ অধীন নহয় -- স্বাধীন।
  • যি এটা চকুৰে নেদেখে -- কণা।
  • যি দুয়োটা চকুৰে নেদেখে -- অন্ধ।
  • যি গধূলি চকুৰে নেদেখে -- কুকুৰীকণা।
  • খাবলৈ অনা কলৰ পুলি -- পচলা।
  • যি ইশ্বৰক বিশ্বাস কৰে -- আস্তিক।
  • যি ইশ্বৰক বিশ্বাশ নকৰে -- নাস্তিক।
  • আনৰ দোষ দেখা স্বভাৱ -- অসূয়া।
  • যাৰ আশ্ৰয় নাই - নিৰাশ্ৰয়।
  • ঘোঁৰা ৰখা ঠাই -- আস্তাবল।
  • যি নিশা চৰে - নিশাচৰ।
  • একে সময়তে হোৱা -- সমসাময়িক।
  • যাৰ হাত আঠুলৈকে পৰা - অজানুলম্বিত।
  • যাক মূল্য দি কিনিব নোৱাৰি -- অমূল্য।
  • যাক কল্পনা কৰিব নোৱাৰি -- অকল্পনীয়।
  • যি আনফালে মন দিয়ে -- অন্যমনস্ক।
  • যি নিয়ম মতে খৰচ কৰে --মিতব্যয়ী।
  • যি নিজৰ কাৰণেহে চিন্তা কৰে -- স্বাৰ্থপৰ।
  • যি কথা বিশ্বাস কৰিব নোৱাৰি -- অবিশ্বাস্য।
  • যাৰ সীমা নাই -- অসীম।
  • যি ভিক্ষা কৰি খায় -- ভিক্ষাৰী।
  • যি মাগি খায় -- মগনীয়া।
MEDIUM - মধ্যমিয়া  - বাক্ সংহতি
  • কৰিবলগীয়া কাম -- কৰ্তব্য।
  • যাৰ পুত্ৰ নাই -- অপুত্ৰক।
  • যাৰ দয়া নাই -- নিৰ্দয়।
  • যাৰ হিচাপ নাই -- বেহিচাপী।
  • ঘৰ নাই যাৰ -- অঘৰী।
  • সঁ‌চা কথা কোৱা মানুহ --  সত্যবাদী।
  •  যাৰ অন্ত নাই -- অনন্ত।
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে -- কৃতজ্ঞ।
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে -- অকৃতজ্ঞ, কৃতঘ্ন।
  • যাক দেখা নাযায় -- অদৃশ্য।
  • যি নাৰীৰ স্বামী মৰিছে -- বিধৱা।
  • কানি খোৱা মানুহ -- কানীয়া।
  • যি জলত চৰে -- জলচৰ।
  • যিজনে আইন জানে -- আইনজ্ঞ।
  • তিনিটা বাট য'ত লগ লাগিছে -- তিনিআলি, তেবাটা।
  • যি জন্মৰেপৰা অন্ধ -- জন্মান্ধ।
  • যি প্ৰাণী স্থলত চৰে -- স্থলচৰ।
  • যি প্ৰাণী জল-স্থল উভয়তে চৰে -- উভচৰ।
HARD - জতিল - বাক্ সংহতি
  • ভিক্ষাৰ অভাৱ - দুৰ্ভিক্ষ।
  • প্ৰৱাসত থকা মানুহ -- প্ৰৱাসী, প্ৰৱসুৱা।
  • একে গুৰুৰ শিষ্য -- সতীৰ্থ।
  • যি পূৰ্বে হোৱা নাছিল -- অভূতপূৰ্ব।
  • বোকাত যাৰ জন্ম -- পঙ্কজ।
  • যি পুৰুষৰ ঘৈণীয়েক মৰিছে -- বৰলা।
  • ফল পকিলে যি গছ মৰি যায় -- ঔষধি।
  • একে মাকৰ গৰ্ভত জন্ম যাৰ -- সহোদৰ।
  • পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ -- পৰমুখাপেক্ষী।
  • পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় -- পৰশ্ৰীকাতৰ।
  • যিয়ে গৰু গাড়ী চলায় -- গাড়োৱান।
  • যি শত্ৰুক বধ কৰে -- শত্ৰুঘ্ন।
  • ব্যাকৰণত যি পাৰদৰ্শী -- বৈয়াকৰণিক।
  • যাক সহজে লঙঘন কৰিব নোৱাৰি -- অলঙঘ্য।
  • অতিশয় শীতো নহয়, অতিশয় গ্ৰীষ্মও নহয় -- নাতিশীতোষ্ণ।
  • ( যি প্ৰাণীৰ ঠেং নাই) বুকুৰে বগাই ফুৰা প্ৰাণী -- সৰীসৃপ।
  • মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী -- স্তন্যপায়ী।
  • শাস্ত্ৰত যি পাৰদৰ্শী -- শাস্ত্ৰজ্ঞ।
  • গোটেই জীৱনব্যাপী -- আজীৱন।
  • পূৰ্বজন্মৰ কথা যি জানে -- জাতিস্মৰ। 

Post a Comment

Previous Post Next Post