জতুৱা ঠাঁ‌চ আৰু জতুৱা ঠাঁ‌চৰদ্বাৰা বাক্য ৰচনা - Idioms In Assamese

জতুৱা ঠাঁ‌চ আৰু জতুৱা ঠাঁ‌চৰদ্বাৰা বাক্য ৰচনা Idioms In Assamese

জতুৱা ঠাঁ‌চ আৰু জতুৱা ঠাঁ‌চৰদ্বাৰা বাক্য ৰচনা - Idioms In Assamese

Assamese Grammar For AssamTET (ATET), CTET, Secondary School etc.

জতুৱা ঠাঁ‌চ কাক বোলে? - Definition of Idioms in Assamese.

👉👉PDF - Click কৰক - ৫০০ জতুৱা ঠাঁ‌চ
প্ৰত্যেক ভাষাৰে একোটা সুকীয়া ৰীতি বা ঠাঁ‌চ আছে। তাকেই ভাষাৰ জতুৱা ঠাঁ‌চ বোলে। কিছুমান বিশেষ সংজ্ঞা বা শব্দৰ লগত বেলেগ ক্ৰিয়া লগ লাগি , নাইবা অইন শব্দ যোগ হৈ যেতিয়া নিজ অৰ্থ প্ৰকাশ নকৰি বেলেগে বেলেগে অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক ভাষাৰ জতুৱা ঠাঁ‌চ বোলে।

👉👉বাক্ সংহতি - Expression in single Word

তলত কিছুমান জতুৱা ঠাঁ‌চৰ আৰু ইয়াৰ দ্বাৰা বাক্য ৰচনাৰ উদাহৰণ দিয়া হৈছে।
List of Idioms in Assamese with Example:

১।  অথাই সাগৰ - ডাঙৰ বিপদ।
      •• ডাঙৰ ল'ৰাটোৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল।
২। অপাৰ সমুদ্ৰ - মহা বিপদ।
      •• ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে।
৩।  আশাশুধীয়া - অকপটীয়া, উদাৰচিতীয়া।
     •• মাহাত্মা গান্ধীৰ আশাশুধীয়া চেষ্টাই ভাৰতৰ স্বাধীনতা আনিলে।
৪।  কপাল  ধো - আশা এৰা।
     ••  সেইবোৰ সম্পত্তিৰ বাবে তই কপান ধো।
৫।  চকুৰ কুটা দাঁ‌তৰ শাল - পৰম শত্ৰু।
     ••  প্ৰফুল্ল মাহীমাকৰ চকুৰ কুটা দাঁ‌তৰ শাল হৈ পৰিছে।
৬।  ডিঙিৰ হাড়মালা - এৰিব নোৱাৰা।
     ••  খোৰা ল'ৰাজন বাপেকৰ ডিঙিৰ হাড়মাল হৈ পৰিছে।
৭।  ঢৌতে খৰ মৰা - বেমেজালিৰ মাজাৰে কাম কৰা।
     ••  গোলোকে ঢৌতে খৰ মাৰি সিদিনা কলিকতাৰপৰা আহিলগৈ।
৮।  দোপতদোপে - ক্ৰমে ক্ৰমে।
     •• ব্যৱসায়ত গৌৰীয়ে দোপতদোপে উন্নতি কৰিছে।
৯।  দূৰতে বিদূৰ - নিলগতে আঁ‌তৰ হোৱা।
     •• মানিকৰ অৱস্থা দেখি হলধৰ দূৰতে বিদূৰ হ'ল।
১০। দলনিত পোনা মেলা - বিপদত পেলোৱা।
     ••  দেউতাই আমাক দলনিত পোনা মেলি গুচি গ'ল।
১১। পেট-মচা ল'ৰা - নুমলীয়া ল'ৰা।
     •• যদুনাথ জিন্টুৰ পেট-মচা ল'ৰা।
১২। বাট এৰি অবাটে যোৱা - অকাৰ্য কৰা।
     •• বাট এৰি অবাটে গ'লে মানুহৰ বিপদ আহে।
১৩। বুকু জুৰুৱা - শান্তি দিয়া।
     •• সন্তানে মাকৰ বুকু জুৰায়।
১৪। ক' বুলিব নোৱাৰা - মহামূৰ্খ।
     •• ক' বুলিব নোৱাৰা মানুহে দেশৰ কথা কি বুজিব।
১৫। ভাত উঠা - আয়ুস শেষ হোৱা।
     •• যদুনাথৰ এইবাৰ ভাত উঠিল।
১৬। ভৰি চেলেকা - নীচভাৱে তোষামোদ।
     •• ভৱনাথ একেবাৰে ভৰি চেলেকা বিধৰ মানুহ।
১৭। মনে-চিতে - অন্তৰেৰে সৈতে।
     •• গুৰুজনক মনে-চিতে ভক্তি কৰিবা।
১৮। মাটি কৰা - নষ্ট কৰা।
     •• মোৰ সকলো কথাকেই মাটি কৰি দিলে।
১৯। মূৰে ভৰি কঢ়া - বিপৰীত কাৰ্য্য কৰা।
     •• এনে মূৰে ভৰি কঢ়া লোক আমি ক'তো দেখা নাছিলোঁ‌।
২০। মৰণত শৰণ দিয়া - প্ৰাণপণ কৰা।
     •• স্বাধীনতা যুঁ‌জত দেশৰ ডেকসকলে মৰণত শৰণ দিছিল।
২১। ম'হতকৈ শিং চৰা - অনুপযুক্ত বস্তুৰ গৰাকী হোৱা।
     •• হৰিনাথৰ দৰে কম আয় কৰা মানুহ এজনে মটৰ-গাড়ী ৰখাটো ম'হতকৈ শিং চৰা যেন লাগে।
২২।  ৰসতে নাম থোৱা - কৰিব নোৱাৰা কাম এৰি দিয়া।
    •• তেওঁ‌ৰ লগত তুমি কাজিয়া নকৰি ৰসতে নাম থোৱাই ভাল।
২৩। শহাকণীয়া - সদায় সতৰ্ক হৈ থকা।
    •• ৰামনাথ এজন শহাকণীয়া মানুহ।
২৪। শিৰফুটা -  সুপ্ৰসিদ্ধ।
     •• তাৰিণী মজুমদাৰ গাঁ‌ৱৰ শিৰফুটা মানুহ।
২৫। সাতামপুৰুষীয়া - চিৰকলীয়া।
     •• সেইবোৰ তেওঁ‌লোকৰ সাতামপুৰুষীয়া সম্পত্তি।
২৬। হুনুবাৰ্তা - উৰা বাতৰি।
     •• তেওঁ‌ দীনবন্ধুৰ এটা হুনুবাৰ্তা পাইছে।
২৭। হাতত সাৰে ভৰিত সাৰে - কন্দা-কটা লগা।
     •• কেঁ‌চুৱাটোৰ মৃত্যুত ঘৰখনত হুৱা-দুৱা লাগিছে।
২৮। আদ্যোপান্ত -  আদিৰ পৰা অন্তলৈকে।
     •• মই ঘটনাৰ আদ্যোপান্ত ক'ব নোৱাৰো, কাৰণ সেই বিষয়ে মই বিশেষ নাজানো।
২৯। চকু পকোৱা - খঙেৰে শাসন কৰা।
     •• ছোৱালীজনীয়ে ফুৰিবলৈ যাওঁ‌ বুলি ক'বহে পালে, মাকে চকু পকাই ধৰিলে।
৩০। নগুৰ-নাগতি - অপদস্থ।
     •• তাই আজি প্ৰথম আহিছে, তাইক নাগুৰ-নাগতি নকৰিবিচোন।

Post a Comment

Previous Post Next Post