কাৰক - "CASE" in Asaamese

CASE in Assamese - Basics of CASE
কাৰক - সহজ ভাষাত

কাৰক - "CASE" in Asaamese

"Assamese grammar for all CTET, ATET (AssamTET)  appearing cadidate including Secondary School Student. Some useful basics of Case (কাৰক) with easily understandable examples."


কাৰক কি? what is CASE ?

বাক্যত ক্ৰিয়াৰ লগত আন পদৰ যি সম্বন্ধ সেই সম্বন্ধকে কাৰক বোলে, অৰ্থাৎ কাৰক মানে ক্ৰিয়া সম্পাদন কৰোঁ‌তা। শব্দৰ লগত যেনেকৈ বিভক্তি যুক্ত হয়, ব্যাকৰণত কাৰকৰ লগতো তেনেকৈ বিভক্তি যুক্ত হয়।

তলৰ বাক্যশাৰীলৈ মন কৰা -
অসমৰ মুখ্যমন্ত্ৰীয়ে পুঁ‌জিৰ পৰা নিজ হাতেৰে বান-পীড়িতক ধন দিলে।
'দিলে' বাক্যৰ ক্ৰিয়াপদ। এই দিলে ক্ৰিয়াই সম্পূৰ্ণ কাৰ্য কৰা বুজাইছে।
দিলে ক্ৰিয়াপদটোৰে বাক্যৰ আন পদ সম্পৰ্কে প্ৰশ্ন কৰিব পাৰি।

কোনে দিলে - মুখ্যমন্ত্ৰীয়ে
কি দিলে - ধন
কিহেৰে দিলে - নিজ হাতেৰে
কাক দিলে - বান পীড়িতক
ক'ৰ পৰা দিলে - পুঁ‌জিৰ পৰা
ক'ত দিলে - অসমত

কাৰকৰ প্ৰকাৰ - Types of Case :
কাৰক ছয়বিধ - There are six types of Case.

  1. কৰ্তা
  2. কৰ্ম
  3. কৰণ
  4. সম্প্ৰদান
  5. অপাদান
  6. অধিকৰণ
কাৰক - "CASE" in Asaamese
types of case

কৰ্তা কাৰক ( Nominative Case ):
যিপদে ক্ৰিয়া সম্পন্ন কৰে তাক কৰ্তা বোলে। যেনে - মাছমৰীয়াই মাছ ধৰিলে। ইয়াত 'মাছমৰীয়াই' কৰ্তা কাৰক। কাৰণ ধৰা ক্ৰিয়াটো মাছমৰীয়াই সম্পন্ন কৰিছে। ইয়াত 'ধৰিলে' ক্ৰিয়াৰ লগত মাছমৰীয়াই প্ৰধান সম্বন্ধ। ধৰিলে ক্ৰিয়াৰ লগত প্ৰশ্ন কৰিলে, যি উত্তৰ পোৱা যায় সেয়ে কৰ্তা কোনে ধৰিলে? মাছমৰীয়াই। কি ধৰিলে? মাছ। কৰ্তা কাৰকৰ কৰ্তাত প্ৰথমা বিভক্তি যোগ হয়, ( প্ৰথমা বিভক্তিৰ চিন 'অ', 'ই', 'এ' )
ব্যৱহাৰ ---- ৰামে বৰশী বাইছে।
                  সীতাই গান গাইছে।

কৰ্ম কাৰক ( Accusative case ) :
কৰ্তাই যাৰ ওপৰত ক্ৰিয়া সম্পন্ন কৰে সেয়ে কৰ্ম কাৰক। যেনে -- ৰাৱণে সীতাক হৰণ কৰি নিছিল। এই বাক্যত 'সীতাক' কৰ্ম কাৰক। বাক্যৰ ক্ৰিয়াত 'কি' বা 'কাক' লগাই প্ৰশ্ন কৰিলে আমি কৰ্ম কাৰক পাওঁ‌। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়, (দ্বিতীয়া বিভক্তিৰ চিন ক)
ব্যৱহাৰ : ----- শিক্ষকে ছাত্ৰক পাঠ পঢ়াইছে।
                     দুখীয়াক দান কৰিলে পুণ্য হয়।

কৰণ কাৰক ( Instrental Case) :
কৰ্তাই যাৰ সহায়েৰে ক্ৰিয়াৰ কাম কৰে অৰ্থাৎ ক্ৰিয়া সম্পাদনত কৰ্তাক প্ৰধানকৈ যিয়ে সহায় কৰে তাকে কৰণ কাৰক বোলে। যেনে - মাছমৰীয়াই জালেৰে মাছ ধৰিলে। ইয়াত "ধৰা" কামটো জালৰ দ্বাৰা হৈছে গতিকে "জালৰে" কৰণ কাৰক। ক্ৰিয়াক কিহেৰে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় সেয়ে কৰণ কাৰক। কৰণ কাৰকত তৃতীয়া বিভক্তি যোগ হয়, (তৃতীয়া বিভক্তিৰ চিন 'ৰে', 'দি, 'দ্বাৰা') ।
ব্যৱহাৰ : ---- ছোৱালীজনীয়ে মৈদাৰে পাচলি কুটিছে।
                    ল'ৰাটো নাৱেৰে নদীখন পাৰ হ'ল।

সপ্ৰদান কাৰক (Dative Case) :
যাৰ উদ্দেশ্যে নিজৰ স্বত্ব (অধিকাৰ) এৰি কোনো বস্তু দান কৰি দিয়া বুজায় তাকেই সম্প্ৰদান কাৰক বোলা হয়। যেনে - দুখীয়াক দান কৰিবা। ইয়াত দিখীয়াক দান নিজৰ স্বত্ব এৰি দিয়া হৈছে। গতিকে "দুখীয়াক" পম্প্ৰদান কাৰক। সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি যোগ হয়, (চতুৰ্থী বিভক্তিৰ চিন 'ক', 'লৈ') ।
ব্যৱহাৰ :---- ৰুগীক ঔষধ দিয়া।
                   ল'ৰাবিলাকলৈ মিঠাই আনিবা।

অপাদান কাৰক ( Ablative Case ):
য'ৰ পৰা কোনো বস্তু উৎপন্ন হোৱা, আৰম্ভ হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, শোক বা আনন্দ পোৱা আদি বুজায় তাক অপাদান কাৰক বোলে। যেনে - সৰিয়হৰ পৰা তেল হয়। ইয়াত 'সৰিয়হৰ পৰা' অপাদান কাৰক। বাক্যৰ ক্ৰিয়াক ক'ৰ পৰা বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় সেয়ে অপাদান কাৰক। অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয়, ( পঞ্চমী বিভক্তিৰ চিন 'পৰা' )।
ব্যৱহাৰ : -- গুটিৰ পৰা গজালি ওলায়।
                  ব্ৰহ্মপুত্ৰ নদ হিমালায়ৰ পৰা ওলাইছে।

অধিকৰণ কাৰক ( Locative Case ) :
কৰ্তা আৰু কৰ্মই যাৰ ওপৰত ক্ৰিয়া সমাধান কৰে তাকেই অধিকৰণ কাৰক বোলে। যেনে - দিনত বাঘ নোলায়। ইয়াত "দিনত" অধিকৰণ কাৰক। বাক্যৰ ক্ৰিয়াক ক'তবা কেতিয়া লগাই প্ৰশ্ন কৰিলে যি উত্তৰ পাওঁ‌, সেয়ে অধিকৰণ কাৰক। অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়, (সপ্তমী বিভক্তিৰ চিন 'ত')।
ব্যৱহাৰ :---- কোঠাত পৰ্দা আছে।
                   পথাৰত খেতি কৰিছে।
"সম্বন্ধ পদ - দুটা বস্তুৰ মাজত মম্পৰ্ক বা অধিকাৰ থকা বুজালে তাক সম্বন্ধ পদ বোলে। সম্বন্ধ পদৰ ক্ৰিয়াৰ লগত বিশেষ সম্বন্ধ নাথাকে। সেই কাৰণে ইয়াক কাৰক বুলি কোৱা নহয়। বাক্যত থকা বিষেশ্য বা সৰ্বনামৰ লগত সম্বন্ধ থকাৰ বাবে ইয়াক সম্বন্ধ পদ বোলে। যেনে - এইটো মোৰ ঘৰ, এইখন মোৰ গাড়ী ।"

কাৰকত বিভক্তিৰ ব্যৱহাৰ ----

কাৰক - "CASE" in Asaamese
মাছমৰীয়া শব্দ

কাৰক - "CASE" in Asaamese
মুনি শব্দ

Post a Comment

Previous Post Next Post